সমাগত শিলচৰ পৌৰ নিগম নিৰ্বাচন-২০২৬ৰ ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰখন আজি মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে।
শিলচৰ চহৰক এখন উন্নত, পৰিকল্পিত, সু-ব্যৱস্থিত, স্বচ্ছ চহৰ হিচাপে গঢ়ি তোলাৰ লগতে নাগৰিকসকলক বিভিন্ন সুবিধাৰে সংযুক্ত কৰাৰ লক্ষ্যৰে এই সংকল্প পত্ৰত বহুটো গুৰুত্বপূৰ্ণ দিশ সন্নিৱিষ্ট কৰা হৈছে।
সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠানত অসম চৰকাৰৰ মাননীয় মন্ত্ৰীত্ৰয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, শ্ৰীযুত কৌশিক ৰায় ডাঙৰীয়া আৰু শ্ৰীযুত কৃষ্ণেন্দু পাল ডাঙৰীয়াৰ লগতে সন্মানীয় সাংসদ আৰু বিধায়কসকলৰ লগতে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।